Song of Solomon 3

1ৰাতি মই মোৰ শয্যাত প্ৰাণপ্ৰিয়ক বিচাৰিলো; কিন্তু বিচাৰ কৰি তেওঁক নাপালো; 2মই এটিয়া উঠি নগৰখনত ফুৰোঁ, আলিত আৰু চকত মোৰ প্ৰাণপ্ৰিয়ক বিচাৰো, এই বুলি তেওঁক বিচাৰিলোঁ, কিন্তু নাপালো |

3নগৰত ফুৰোঁতা প্ৰহৰীবোৰ মোৰ আগত ওলাল; মই সিহঁতক সুধিলোঁ তোমালোকে মোৰ প্ৰাণপ্ৰিয়ক দেখিছিলা নে? 4পাছে সিহঁতৰ ওচৰৰ পৰা অলপ আঁতৰ হৈ গৈ, মই প্ৰাণপ্ৰিয়ক পালোঁ, যেতিয়ালৈকে মই তেওঁক মোৰ মাতৃৰ ঘৰলৈ, জননীৰ ভিতৰ-কোঁঠালিলৈ লৈ নগলো, তেতিয়ালৈকে মই তেওঁক যাব নিদি ধৰি ৰাখিলোঁ |

5হে যিৰুচালেমৰ জীয়াৰীবিলাক, মই পথাৰৰ মৃগী আৰু হৰিণীবোৰৰ শপত দি কৈছো, প্ৰেমে নিজে ইচ্ছা নকৰেমানলৈকে,তোমালোকে প্ৰেমক সাৰ নোপোৱাবা, নজগাবা |যিৰুচালেমৰ জীয়াৰীবিলাকৰ বাক্য|

6গন্ধৰস, কুন্দুক আদি সুগন্ধিদ্ৰব্য-ব্যৱসায়ীৰ সকলো বিধৰ সুগন্ধি বস্তুৰে সুবাসিত হৈ, ধূঁৱাৰ স্তম্ভ যেন হৈ অৰণ্যৰ পৰা সৌ জনী কোন আহিছে? 7চোৱা, সৌৱা চলোমনৰ দোলা; ইস্ৰায়েলীয়া বীৰবিলাকৰ মাজৰ ষাঠি জন বীৰে তাৰ চাৰিফালে বেৰি ধৰি আহিছে |

8তেওঁবিলাক সকলো তৰোৱাল ধৰোঁতা, আৰু ৰণবিদ্যাত পটু; ৰাতি-কালৰ ভয়ৰ কাৰণে তেওঁবিলাক প্ৰতিজনৰ কৰঙনত তৰোৱাল বন্ধা| 9চলোমন ৰজাই নিজৰ নিমিত্তে লিবানোনৰ কাঠেৰে এখন দোলা সাজিলে |

10তেওঁ তাৰ খুটাবোৰ ৰুপেৰে নিৰ্ম্মাণ কৰিলে; তেওঁ তাৰ আওজা ভাগ সোণেৰে, আৰু তাৰ বহা দলিচাখন বেঙেনা বৰণীয়া সূতাৰে কৰিলে; আৰু তাৰ ভিতৰখন যিৰুচালেমৰ জীয়াৰী-বিলাকৰ প্ৰেমেৰে শোভিত কৰা হল | হে চিয়োনৰ জীয়াৰীবিলাক, যি মুকুট চলোমনৰ বিবাহৰ দিনা, আৰু মনৰ আনন্দৰ দিনা তেওঁৰ মাতৃয়ে তেওঁৰ মূৰত দিলে, তোমালোকে বাহিৰলৈ গৈ সেই মুকুটেৰে বিভূষিত হোৱা চলোমন ৰজাক চোৱা |

11

চলোমনৰ বাক্য |

Copyright information for AsmULB